
আমাৰ ২৪x৭ ফাৰ্মাচী (Pharmacy) সেৱাই প্ৰেছক্ৰিপচনৰ ঔষধ, জৰুৰীকালীন ঔষধ আৰু জটিল চিকিৎসাৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ (critical care consumables) ক্ষিপ্ৰতাৰে উপলব্ধ কৰি চিকিৎসালয়খনৰ অহোৰাত্ৰ ক্লিনিকেল সেৱাসমূহক সমৰ্থন কৰে। ৰোগীৰ সুবিধা আৰু চিকিৎসাৰ ধাৰাবাহিকতা ৰক্ষা কৰাৰ বাবে যুগুত কৰা এই সেৱাই ৰোগী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক কোনো পলম নোহোৱাকৈ প্ৰয়োজনীয় ঔষধ-পাতি লাভ কৰাত সহায় কৰে।